ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ ধৈৰ্য্য ধৰাৰ এক সীমা আছে
যিহোৱাই অচূৰীয়া লোকসকলক ইস্ৰায়েলৰ ওপৰত অধিকাৰ কৰিবলৈ দিলে (২ৰাজা ১৭:৫, ৬; w০৫ ১২/১ ১৫-১৬ ¶১৬)
ইস্ৰায়েলীসকলে যিহোৱাই বেয়া পোৱা কামবোৰ কৰি থকাৰ বাবে তেওঁ নিজৰ লোকসকলক এই শাস্তি দিলে (২ৰাজা ১৭:৯-১২; it-১-E ৪১৪-৪১৫)
এইদৰে কৰাৰ আগতে যিহোৱাই বহু বাৰ তেওঁলোকৰ লগত ধৈৰ্য্য ধৰিলে আৰু তেওঁলোকক বাৰে বাৰে সতৰ্কও কৰিলে (২ৰাজা ১৭:১৩, ১৪)
স্বৰ্গত থকা আমাৰ পিতৃয়ে অসিদ্ধ লোকসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ লগত ধৈৰ্য্য ধৰে। (২পিত ৩:৯) কিন্তু তেওঁ ধৈৰ্য্য ধৰাৰ এটা সীমা আছে। নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ তেওঁ অতি সোনকালে দুষ্ট লোকসকলক ধ্বংস কৰিব। ইয়াৰ পৰা আমি কি শিকোঁ? প্ৰথম, যেতিয়া কোনাবাই আমাক পৰামৰ্শ দিয়ে, তেতিয়া তাক পালন কৰি আমি নিজৰ ভুলবোৰ শুধৰণি কৰা উচিত। দ্বিতীয়, আমি প্ৰচাৰ কাম উৎসাহেৰে কৰি থকা উচিত, কিয়নো সময় একেবাৰে কম।