ইন্দোনেছিয়াৰ ভনীদুজনীয়ে ঈশ্বৰৰ বাক্য শুনক ব্ৰচাৰখন ব্যৱহাৰ কৰিছে
প্ৰদৰ্শনৰ বাবে আৰ্হি
দুখ-কষ্টৰ অন্ত হʼবনে? (ট্ৰেক্ট T-34)
প্ৰশ্ন: ব্যক্তিগতভাৱে সকলোকে চিন্তিত কৰি তোলা এটা স্থানীয় ঘটনাৰ বিষয়ে উল্লেখ কৰি এইদৰে সোধক: বহুতোলোকে চিন্তা কৰে যে দুখ-কষ্টৰ কেতিয়াবা অন্ত হʼবনে? এই বিষয়ে ঈশ্বৰে আমাক কি আশ্বাস দিছে তাক মই দেখুৱাব পাৰোঁনে?
পদ: প্ৰকা ২১:৩, ৪
প্ৰস্তাৱ: এই প্ৰতিজ্ঞাৰ ওপৰত আমি কিয় বিশ্বাস কৰিব পাৰোঁ, তাৰ বিষয়ে এই ট্ৰেক্টখনে দুটা কাৰণ বৰ্ণনা কৰিছে।
দুখ-কষ্টৰ অন্ত হʼবনে? (ট্ৰেক্ট T-34) শেষৰ পৃষ্ঠা
প্ৰশ্ন: আজি আমি আমাৰ চাৰিওফালে দুখ-কষ্টৰে ভৰি থকা দেখিবলৈ পাওঁ। আপুনি কেতিয়াবা চিন্তা কৰিছেনে ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে? পবিত্ৰ শাস্ত্ৰই ইয়াৰ উত্তৰ দিয়ে।
পদ: ৰোমী ৫:১২
প্ৰস্তাৱ: ঈশ্বৰৰপৰা এটা ভাল খবৰ! ব্ৰচাৰখনৰ ৮ অধ্যায়ত শাস্ত্ৰৰ আধাৰত এই প্ৰশ্নৰ উত্তৰ দিয়া আছে।
ঈশ্বৰৰ বাক্য শুনক
প্ৰশ্ন: এই ছবিখনত দেখুৱাৰ দৰে আপুনি এনে এখন জগতত বাস কৰিব বিচাৰেনে? [২-৩ পৃষ্ঠা দেখুৱাওক আৰু উত্তৰৰ বাবে অপেক্ষা কৰক।]
পদ: যিৰি ২৯:১১
প্ৰস্তাৱ: ঈশ্বৰৰ বাক্য আমি কেনেকৈ শুনিব পাৰোঁ আৰু তেওঁ বিচৰা অনুসৰি কেনেকৈ জীৱনৰ আনন্দ লʼব পাৰোঁ তাৰ বিষয়ে এই ব্ৰচাৰখনে বৰ্ণনা কৰিছে। [৪-৫ পৃষ্ঠা আলোচনা কৰক।]
নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক
আগৰ উদাহৰণবোৰৰ ফমে ব্যৱহাৰ কৰি ঘোষণা কায্যৰ বাবে নিজৰ প্ৰদশন প্ৰস্তুত কৰক।