ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ৪-৬
“আমি নিৰুৎসাহ নহওঁ”
কল্পনা কৰক যে দুটা পৰিয়াল একেটা মহলতে থাকে আৰু এই মহলৰ অৱস্থা একেবাৰে বেয়া। এটা পৰিয়ালে দুখত আছে, কিন্তু আনটো পৰিয়ালে বৰ আনন্দত আছে। কিয় বাৰু? কিয়নো আনন্দত থকা পৰিয়ালে অতি সোনকালে এক সুন্দৰ নতুন ঘৰলৈ যাব।
যদিও “এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ-বেদনাৰ দৰে দুখ পাই একে-লগে কেঁকাই আছে,” কিন্তু সেই আনন্দত থকা পৰিয়ালটোৰ দৰে ঈশ্বৰৰ লোকসকলৰ ওচৰত এটা আশা আছে। সেইবাবে, তেওঁলোকে নিজৰ দুখ-কষ্টক সহন কৰিব পাৰিছে। (ৰোম ৮:২২) আমি জানোঁ যে আহিবলগীয়া নতুন পৃথিৱীৰ আশীৰ্ব্বাদবোৰ অনন্ত কালৰ বাবে থাকিব। কিন্তু ইয়াৰ তুলনাত আজিৰ দুখ-কষ্টবোৰ “খন্তেকীয়া।” ইয়াৰ উপৰিও আমি বছৰ বছৰ ধৰি ভুগি অহা দুখ-কষ্টবোৰ অলপ দিনৰ বাবে আছে। ভৱিষ্যতে আহিবলগীয়া ঈশ্বৰৰ ৰাজ্যৰ আশীৰ্ব্বাদবোৰৰ ওপৰত আমি ধ্যান দিলে, আমি আনন্দত থাকিব পাৰিম আৰু নিৰুৎসাহ নহʼম।