এপ্ৰিল মাহত সৎকৰ্ম্ম কৰিবলৈ উদ্যোগী হওঁক!
১ জন-বসতিৰে ভৰি থকা কোনো অঞ্চলত প্ৰচণ্ড ঘূৰ্ণীবতাহ অহাৰ পূৰ্বেই, তাত বাস কৰা বাসিন্দাসকলক আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ সাৱধান বাণী দিয়াটো অতি আৱশ্যক। যিমানে সেই প্ৰচণ্ড ঘূৰ্ণীবতাহৰ সময় কাষ চাপি আহে সিমানে বাৰে বাৰে সাৱধান বাণী দিয়া আৱশ্যক। কিয় বাৰে বাৰে দিয়া আৱশ্যক? কিয়নো সকলোৰে জীৱন অতি বিপদগ্ৰস্ত অৱস্থাত আছে! কিছুমানে হয়তো পূৰ্বেই দিয়া সাৱধান বাণীক শুনা নাছিল। আন কিছুমানে সাৱধান বাণীক শুনাৰ স্বত্বেও পদক্ষেপ লবলৈ অৱহেলা কৰিব পাৰে। ঠিক সেইদৰে, এই ক্ষেত্ৰটো সত্য যে ঈশ্বৰৰ ক্ৰোধৰূপী “ধূমুহা” আজিৰ দুষ্ট জগতত অহাৰ পূৰ্বেই, আমাক দিয়া ঈশ্বৰীয় সাৱধানবাণী সকলোৰে আগত ঘোষণা কৰা আৱশ্যক। (হিতো. ১০:২৫) কিয়নো আজি বেছি সংখ্যক মানৱজাতিৰ জীৱন বিপদগ্ৰস্তত আছে! এই সাৱধানবাণী অৱশ্যেই ঘোষণা কৰা উচিত। তাৰ বাবে আমি নিশ্চয়ে “সৎকৰ্ম্মত উদ্যোগী” হোৱা উচিত।—তীত ২:১১-১৪.
২ বহু দশক ধৰি যিহোৱাৰ সাক্ষীসকলে স্মৰণীয় পৰ্বৰ সময়ছোৱাত প্ৰচাৰ কাৰ্য্য কৰিবলৈ বিশেষভাবে আগ্ৰহী হৈছে। ১৯৩৯ চনত ইনফৰ্মেন্ট, যাক আজিৰ সময়ত আমাৰ ৰাজ্য পৰিচৰ্য্যা বুলি জনা যায়, তাত এই পৰামৰ্শ দিয়া হৈছিল: “বসন্ত ঋতুত ভাল বতৰ হোৱাৰ বাবে আমি আশা কৰোঁ যে মণ্ডলীৰ প্ৰকাশক আৰু আগ্ৰগামীসকলে অধিক সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিব। যিহেতু এপ্ৰিল মাহত পাঁচোটা শনিবাৰ আৰু দেওবাৰ আছে। সেইবাবে এপ্ৰিল মাহৰ প্ৰত্যেক শনিবাৰ আৰু দেওবাৰ . . . বিশেষৰূপে প্ৰচাৰ কৰিবলৈ সময় উলিয়াওঁক।” আজিৰ পৰা ৬০ বছৰৰ আগতে ভাই-ভনীসকলে প্ৰচাৰ কৰিবলৈ তেনে কঠিন লক্ষ্য ৰাখিছিল! ১৯৩৯ চনৰ দৰে এই বছৰৰ এপ্ৰিল মাহটো সম্পূৰ্ণৰূপে পাঁচোটা শনিবাৰ আৰু দেওবাৰ আছে। ২০০০ চনৰ এপ্ৰিল মাহটোত আপুনি কি কৰিবলৈ পৰিকল্পনা কৰিছে? আধ্যাত্মিক কাৰ্য্যৰে ভৰি থকা এই বিশেষ মাহত যিহোৱা সাক্ষীসকলৰ আন ভাই-ভনীৰ সৈতে প্ৰচাৰ কাৰ্য্যত অৰ্থপূৰ্ণৰূপে ভাগ লবলৈ পৰিকল্পনা কৰক।
৩ আমি কি সম্পন্ন হোৱাটো আশা কৰোঁ: এই মাহটো হৈছে ২০০০ চনৰ বাবে এক বিশেষ মাহ। কিয়নো এপ্ৰিল ১৯ তাৰিখে যীচুৰ মৃত্যুৰ স্মৰণীয় পৰ্ব পালন কৰা হʼব। আহঁক আমি সকলোৱে স্মৰণীয় পৰ্বত বেছি সংখ্যক লোকক আমন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণ হৃদয়ৰে চেষ্টা কৰোঁহঁক। যেনেকৈ যোৱা মাহত পৰামৰ্শ দিয়া হৈছিল যে সকলো আগ্ৰহী লোকক উপস্থিত থাকিবলৈ এখন তালিকা তৈয়াৰ কৰক যাতে কোনেও বাদ পৰি নাযায়। যেনে, নিষ্ক্ৰিয় হৈ পৰা প্ৰচাৰকসকল, বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থী, পুনৰ সাক্ষাৎ কৰা ব্যক্তি, যিসকলে এসময়ত বাইবেল অধ্যয়ন কৰিছিল, সহকৰ্ম্মী, সহপাঠী, চুবুৰীয়া, সম্পৰ্কীয় ব্যক্তি আৰু আন পৰিচিত ব্যক্তি এই সকলোকে যেন আমণ্ত্ৰণ কৰে। যদি আপোনাৰ গাড়ী আছে, যিসকল বয়সীয়াল বা খোজ কঢ়াত কষ্ট হয় তেনে ব্যক্তিসকলক আপোনাৰ নিজা গাড়ীত অনা-নিয়া কৰাটো উত্তম কাৰ্য্য হʼব। স্মৰণীয় পৰ্বৰ নিশাত সেই আগ্ৰহী ব্যক্তিসকলক আদৰণি জনাবলৈ আমাৰ সকলোৰে ওচৰত এক বিশেষ অধিকাৰ আছে। স্মৰণীয় পৰ্ব শেষ হোৱাৰ পাছত আমি আগ্ৰহী লোকসকলৰ সৈতে কথা-বতৰা হৈ আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি তেওঁলোকক ইচ্ছুক কৰি তুলিব পাৰোঁ।
৪ স্মৰণীয় দিনৰ আগত আৰু পাছত “সৎকৰ্ম্মত উদ্যোগী” হৈ কাৰ্য্য কৰাৰ দ্বাৰা দেখুৱাম যে যিহোৱাই আমাৰ বাবে যি কৰিলে তাৰ প্ৰকৃত অৰ্থ আমি বুজি পাওঁ। এই মাহত দিন দীঘল হোৱাৰ বাবে আমাৰ বহুতো ভাই-ভনীয়ে প্ৰচাৰ কাৰ্য্যত বেছি সময় অতিবাহিত কৰিবলৈ সুবিধাজনক হʼব। যদি আপুনি সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিছে তেনেহʼলে আপুনি আপোনাৰ নিৰ্দ্ধাৰিত ৫০ ঘন্টা বা তাতকৈ বেছি সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। (মথি ৫:৩৭ক) ইয়াৰ বাবে মাহটোৰ আৰম্ভণিৰ পৰাই আপোনাক তালিকাখনৰ অনুসাৰে কাৰ্য্য কৰা আৱশ্যক। (উপ. ৩:১; ১ কৰি. ১৪:৪০) যিসকলে অগ্ৰগামীৰূপে কাৰ্য্য কৰা নাই তেওঁলোকে অগ্ৰগামী ভাই-ভনীসকলক উৎসাহিত কৰি তেওঁলোকৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ সহায় আগবঢ়াব পাৰে। (২ ৰাজা. ১০:১৫, ১৬ পদৰ সৈতে তুলনা কৰক।) যদি এপ্ৰিল মাহত আমি আগ্ৰহী হৈ গুটি সিচোঁ তেতিয়া ই আমালৈ মহান আনন্দ কঢ়িয়াই আনিব আৰু তাৰ ওপৰিও যিহোৱাই আমাক আশীৰ্ব্বাদ দিব। (মলা. ৩:১০) সেই আনন্দ আৰু আশীৰ্ব্বাদে আমাক একেৰাহে সহযোগী আৰু নিয়মিত অগ্ৰগামীৰূপে সেৱা কৰিবলৈ উৎসাহ যোগাব। এপ্ৰিল মাহত আমি যিদৰে আধ্যাত্মিক কাৰ্য্য কৰিবলৈ নিজকে উৎসাহিত কৰিছোঁ ঠিক তেনেদৰে সকলো মাহতে একেৰাহে প্ৰচাৰ কাৰ্য্য কৰোঁহঁক।
৫ ইয়াত কোনো সন্দেহ নাই যে এই মাহত বহুতো ভাই-ভনীয়ে বেছি সংখ্যাত বাইবেলৰ অধ্যয়ন আৰম্ভ কৰিব। আপুনিও বাইবেলৰ অধ্যয়ন কৰিবলৈ বিচাৰিবনে? তাৰ বাবে বিশেষকৈ অধ্যয়ন পাবলৈ প্ৰাৰ্থনা আৰু সেই অনুসাৰে কাৰ্য্য কৰক। আপুনি নিশ্চিত হʼব পাৰে যে যিহোৱাই নিশ্চয়ে আপোনাৰ নিৱেদন শুনিব আৰু আগ্ৰহী লোকক বিচাৰি পোৱাত সহায় কৰিব।—১ যোহ. ৩:২২.
৬ ইয়াত এনে এটা বিষয় দাঙি ধৰা হৈছে যাক ব্যৱহাৰ কৰিলে প্ৰচাৰ ক্ষেত্ৰত লাভৱান হʼব। এইদৰে আৰম্ভ কৰক: “বৰ্তমান সময়ত বহুতো যুৱক-যুৱতীয়ে হিংসাত্মক কাৰ্য্যত লিপ্ত হোৱা দেখা গৈছে, আপুনি ভাৱেনে যে এই সকলো দুষ্ট আত্মা বা মাক-দেউতাকে লʼৰা-ছোৱালীক ভালদৰে শিক্ষা নিদিয়াৰ ফলত হৈছে?” উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক। যদি ব্যক্তিজনে কয় “এই সকলোবোৰ দুষ্ট আত্মাৰ দ্বাৰা হৈছে,” তেনেহʼলে প্ৰকাশিত বাক্য ১২:৯, ১২ পদটো পঢ়ি তাত উল্লেখ কৰা চয়তানৰ শাসন আৰু তাৰ ফলত হোৱা অৰাজকতাৰ বিষয়ে কওঁক। বিচাৰে ব্ৰচাৰখনৰ ৪ নং পাঠৰ পৰা সেই ব্যক্তিজনক প্ৰশ্ন কৰক, কেতিয়াবা তেওঁ ভাবি আচৰিত হৈছেনে যে চয়তান কʼৰ পৰা আহিল। তাৰ পাছত তাৰ প্ৰথম দুটা পৰিচ্ছেদ পঢ়ক আৰু আলোচনা কৰক। যদি ব্যক্তিজনে কয় ‘পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক ভালদৰে শিক্ষা নিদিয়াৰ ফলত স্কুল, কলেজবোৰত হিংসাত্মক কাৰ্য্যৰে ভৰি পৰিছে।’ তেনেহʼলে বাইবেলৰ পৰা ২ তীমথিয় ৩:১-৩ পদটো পঢ়ি সেই বিষয়বিলাকৰ সম্পৰ্কে উল্লেখ কৰি বুজাই দিয়ক। তাৰ পাছত বিচাৰে ব্ৰচাৰখনৰ ৮ নং পাঠৰ ৫ অনুচ্ছেদ পঢ়ক আৰু আলোচনা কৰক। যদি আপুনি সেই ব্যক্তিজনৰ সৈতে পুনৰ সাক্ষাতৰ ব্যৱস্থা কৰে, তেনেহʼলে নিয়মীয়াকৈ বাইবেল অধ্যয়ন চলাই যাবলৈ এনে বিষয়বোৰক আলোচনা কৰক যিবিলাকে আলোচনা আগবঢ়োৱাত সহায় কৰিব। পুনৰ সাক্ষাৎ কৰাৰ সময়ত তেওঁক সুধিব পাৰে যে তেওঁৰ এনে কোনো চিনাকি বা সম্পৰ্কীয় ব্যক্তি আছেনে যিজনে এই বিষয়ে জানিবলৈ আগ্ৰহী।
৭ “সৎকৰ্ম্মত উদ্যোগী” হোৱাৰ আন এক পথ হৈছে বিভিন্ন ধৰণে কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা। আপুনি কেতিয়াবা কোনো উদ্যান বা যান-বাহন ৰখোৱা ঠাই, বাচ ৰখোৱা স্থান বা ৰেল ষ্টেছন্, বা টেলিফোনৰ দ্বাৰা আৰু ৰাস্তাত লগ পোৱা লোকসমূহক প্ৰচাৰ কৰাৰ বিষয়ে ভাৱিছেনে? যদি সেই বিষয়ে একো ভৱা নাই তেতিয়াহʼলে এই মাহত তেনে স্থানবিলাকত প্ৰচাৰ কৰিবলৈ বিবেচনা নকৰে কিয়? যিহোৱাই আপোনাক সাহসী হৈ প্ৰচাৰ কৰিবলৈ নিশ্চয়ে সহায় কৰিব। (পাঁচ. ৪:৩১; ১ থিচ. ২:২খ) এই ধৰণে প্ৰচাৰ কৰিবলৈ আপুনি অনুভৱী প্ৰচাৰকৰ সৈতে কাৰ্য্য কৰিব পাৰে।
৮ যিসকলে প্ৰচাৰ কাৰ্য্যত বেছি সময় অতিবাহিত কৰিব বিচাৰে তেওঁলোকে নিশ্চয়ে অনিয়মিতৰূপে সাক্ষী দিয়া কাৰ্য্যত অংশ গ্ৰহণ কৰিব। এইধৰণৰ প্ৰচাৰ কাৰ্য্যই এজন ব্যক্তিক আনৰ সৈতে বন্ধুত্বভাৱে কথা-বতৰা হʼবলৈ পৰিচালিত কৰিব। সাধাৰণতে কোনো আগ্ৰহী বিষয় বা ৬ নং অনুচ্ছেদত দিয়া বিষয়বোৰক উল্লেখ কৰি কথা-বতৰা আৰম্ভ কৰিব পাৰে। কম সময়ক উত্তমৰূপে ব্যৱহাৰ কৰক, নহʼলে আপোনাৰ চেষ্টা অথলে যাব। আপুনি প্ৰতি ঘন্টাত পাঁচ, দহ, বা পোন্ধৰ মিনিট সময় অনিয়মিতৰূপে সাক্ষী দিয়াত ব্যৱহাৰ নকৰে কিয়?
৯ কাৰ্য্যৰে প্ৰতিফলিত কৰা সময়: ১৯৯৯-২০০০ চনৰ “ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য” জিলা অধিবেশনত প্ৰদৰ্শন কৰা নাটকৰ মুখ্য বিষয়বোৰক স্মৰণ কৰক। নাটকখনৰ বিষয় আছিল আধ্যাত্মিক বৰসমূহৰ মূল্য উপলব্ধি কৰক, এই নাটকখনত প্ৰদৰ্শন কৰা যাকোব আৰু এচৌ, এই দুটি চৰিত্ৰৰ কথাই আমাক বিবেচনা কৰিবলৈ বাধ্য কৰায়। এচৌৱে কৈছিল যে যাকোবৰ দৰে তেওঁৰো আধ্যাত্মিক বৰসমূহৰ প্ৰতি হাবিয়াস আছে কিন্তু তেওঁৰ কৰ্ম্মই সেই হাবিয়াস নেদেখুৱালে। (আদি. ২৫:২৯-৩৪) ই আমাৰ বাবে এক সতৰ্কবাণী নাছিলনে বাৰু? আহঁক আমাৰ সকলোৱে যাকোবৰ দৰে যিহোৱা ঈশ্বৰৰ আশীৰ্ব্বাদ পাবলৈ সংগ্ৰাম বা মল্লযুদ্ধ কৰিবলৈ প্ৰস্তুত থাকোঁহঁক। (আদি. ৩২:২৪-২৯) আধ্যাত্মিক বৰসমূহৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই এপ্ৰিল আৰু আন মাহত কাৰ্য্য কৰাৰ দ্বাৰাই আপোনাৰ উৎসাহক জগাই নুতোলে কিয়?
১০ “যিহোৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ, অতি বেগেৰে আহিছে।” (চফ. ১:১৪) সেইবাবে ৰাজ্যৰ শুভবাৰ্ত্তাক প্ৰচাৰ কৰাটো অতি আৱশ্যকীয় কৰ্তব্য। কিয়নো সকলোৰে জীৱন বিপদগ্ৰস্ত অৱস্থাত আছে! গতিকে এপ্ৰিল মাহটো হৈছে যিহোৱাৰ লোকসকলৰ বাবে “সৎকৰ্ম্মত উদ্যোগী” হৈ একেলগে কাৰ্য্য কৰিবলৈ এক মহান আশীৰ্ব্বাদ প্ৰাপ্ত মাহ।
[Box on page 4]
স্মৰণীয় পৰ্বৰ বাবে পুনৰ স্মৰণ কৰাই দিয়া বিষয়সমূহ
এই বছৰৰ এপ্ৰিল ১৯ তাৰিখ বুধবাৰে, স্মৰণীয় পৰ্ব পালন কৰা হʼব। সেইবাবে প্ৰাচীনসকলে তলত দিয়া বিষয়সমূহত মন দিয়া আৱশ্যক:
▪ স্মৰণীয় পৰ্বৰ সময়ত এইটো ঠিৰাং কৰা আৱশ্যক যে স্মৰণীয় প্ৰতীক চিহ্ন সূৰ্য্য অস্ত যোৱাৰ পাছতহে যেন হস্তান্তৰ কৰে।
▪ বক্তা আৰু সকলোকে স্মৰণীয় পৰ্ব উদ্যাপনৰ সময় আৰু স্থানৰ বিষয়ে আগতীয়াকৈ জনাই দিয়া আৱশ্যক।
▪ উচিত প্ৰকাৰে পিঠা আৰু দ্ৰাক্ষাৰস তৈয়াৰ কৰা আৱশ্যক।—ফ্ৰেব্ৰুৱাৰী ১৫, ১৯৮৫ চনৰ প্ৰহৰীদুৰ্গ, ১৯ পৃষ্ঠা চাওঁক।
▪ স্মৰণীয় পৰ্ব উৎযাপন কৰা স্থানলৈ প্লেট আৰু গ্লাচসমূহ, উপযুক্ত টেব্ল, টেব্লৰ কাপোৰ অনা আৱশ্যক আৰু সেইবোৰ আগতীয়াকৈ যথাস্থানত ৰখা উচিত।
▪ স্মৰণীয় পৰ্বৰ বাবে ব্যৱহাৰ কৰা ৰাজ্যগৃহ বা আন স্থানক আগতীয়াকৈ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা আৱশ্যক।
▪ নিৰ্বাচিত কৰা এটেনডেনট্চ আৰু স্মাৰক প্ৰতীক চিহ্ন চোৱা-চিতা কৰা ভাইসকলক আগতীয়াকৈ তেওঁলোকৰ কাম আৰু সঠিক কাৰ্য্য পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া উচিত।
▪ স্মৰণীয় পৰ্বত উপস্থিত হʼব নোৱাৰা দুৰ্ব্বল শৰীৰ থকা অভিষেক ভাই-ভনীৰ বাবে অনা-নিয়াৰ ব্যৱস্থা কৰা আৱশ্যক।
▪ যেতিয়া কেইবাখনো মণ্ডলীয়ে একেখন ৰাজ্যগৃহক স্মৰণীয় পৰ্ব উদ্যাপনৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তেতিয়া মণ্ডলীয়ে ভালদৰে ব্যৱস্থা কৰা উচিত যাতে ৰাস্তা, পদূলি আৰু ৰাজ্যগৃহৰ প্ৰৱেশ দুৱাৰত অকাৰণতে ভিৰ নহয়।